https://rassamesepoem.blogspot.com/?m=1 Love Assamese poem: Assmese love poem

Monday, January 6, 2020

Assmese love poem

ফাগুন আহিছে ভালপোৱাৰ বাতৰা লৈ।
পছোৱা বলিছে তোমাৰ মৰমত ।

মোৰ মনৰ আকাশত আজি  যেন  তৰা বোৰে হাঁহিছে ।
পছোৱাৰ পৰশত আজি মদাৰ জুপিও হালিছে জালিছে মোৰ মনটোৰ দৰেই ।

তোমাৰ সেই হাঁহিৰে ভৰা মৰমে ভৰা মোখ খনিলৈ বৰকৈ মনত পৰে জানা ।

নজনাকৈ নভবাকৈ তুমি মোৰ আপোন হৈ গলা
বহুত আপোন ।

আজি সপোন বোৰো ৰঙিন হয় তোমাৰ নামেৰেই ।
যেনেকৈ ফাগুনৰ পৰস পায় মদাৰে হাঁহিছে।।

No comments:

Post a Comment