https://rassamesepoem.blogspot.com/?m=1 Love Assamese poem: January 2020

Friday, January 10, 2020

Assamese love shayari poem

দুভাগ ৰাতি যেতিয়া
         দুৰণিত কেতেকী জনিয়ে কান্দে
তেতিয়া তোমালৈ মনত পৰি মোৰ দুচকো সেমেকে
মোৰ হৃদয়ে তোমাক কাষত বিচাৰে

কেতেকী জনিয়েও হয়তো তাইৰ আপোনক কাষত বিচাৰে।।

তেতিয়া হয়তো আকাশৰ তৰা বোৰেও উচুপি উঠে
হয়তো সৰা পাতেও তেতিয়া অনুভৱ কৰে আপোন জনৰ পৰা আতৰত থকাৰ দুখ ।।

যেতিয়া দুভাগ ৰাতি
    দুৰণিত কেতেকী জনিয়ে কান্দে ।।

Monday, January 6, 2020

Assmese love poem

ফাগুন আহিছে ভালপোৱাৰ বাতৰা লৈ।
পছোৱা বলিছে তোমাৰ মৰমত ।

মোৰ মনৰ আকাশত আজি  যেন  তৰা বোৰে হাঁহিছে ।
পছোৱাৰ পৰশত আজি মদাৰ জুপিও হালিছে জালিছে মোৰ মনটোৰ দৰেই ।

তোমাৰ সেই হাঁহিৰে ভৰা মৰমে ভৰা মোখ খনিলৈ বৰকৈ মনত পৰে জানা ।

নজনাকৈ নভবাকৈ তুমি মোৰ আপোন হৈ গলা
বহুত আপোন ।

আজি সপোন বোৰো ৰঙিন হয় তোমাৰ নামেৰেই ।
যেনেকৈ ফাগুনৰ পৰস পায় মদাৰে হাঁহিছে।।

Wednesday, January 1, 2020

Assamese love shayari ঐ শুনা চোন

ঐ শুনা চোন
মোৰ ভাল লগা বোৰ মই তোমাৰ ভাল লগা কৰিব বিচাৰো।।

মোৰ চিনাকী  তোমাৰ নামতে দিব বিচাৰো ।।

আৰু মই বিচাৰো তোমাৰ  উসাহতে যেন থমকি ৰয় মোৰ নিশাহ বোৰ ।।