https://rassamesepoem.blogspot.com/?m=1 Love Assamese poem: 2019

Tuesday, December 24, 2019

Assamese shayari poem আহিন কেৱল এটা মাহৰ

আহিন কেৱল এটা মাহৰ
নাম নহয়
আহিনে লৈ আহে নিয়ৰ আৰু শেৱালিয়ে সজোৱা সতেজ সময়ৰ বতৰা।।

আহিনৰ বোকোচাত উঠি
 আহে নিয়ৰৰ বিন্দুয়ে সিক্ত
 কৰা শাৰদী সময়।।

এই শাৰদীয় বতৰত অনুভৱী
 হৃদয়ে গম পাই টোপ টোপ কৈ সৰি থকা নিয়ৰ টোপালৰ গান ।।

Assamese love shayari poem অ'ই দুষ্ট ল'ৰাটো

অ'ই দুষ্ট ল'ৰাটো
তোমাৰ মৰম পাবলৈ মোৰ নষ্ট
 হৃদয় আজি উনমনা হৈ উৰিছে ।।

তোমাৰ মৰমত মোৰ সপোনবোৰে
আজি পাখি মেলি উৰিছে।
আৰু মোৰ মৰম বোৰ এপাহি ৰঙা গোলাপ হৈ ফুলিছে।।।

অ'ই দুষ্ট ল'ৰাটো তোমাৰ নষ্ট প্ৰেমিকা মই।।।
❤❤❤

Assamese poem অ' মোৰ ফাগুনি জনি তুমি

অ' মোৰ ফাগুনি জনি তুমি কেতিয়া আহিলা বাৰু মই গমকে নাপালো।
পছোৱা বতাহ জাকে যেতিয়া মোৰ কাষেদি গুন গুনাই গ'ল তেতিয়া হে মন কৰিলো তুমি আহি মোৰ হৃদয়ত ললাহি থিতাপি
পিছে.....কিনো হব কেইদিনমান থাকিয়েটো আকৌ গুচি যাবা মোৰ মনটো উৰুঙা কৰি।।।

Assamese poem পোৱাৰ ৰদৰ জিলমিল পোহৰত

পোৱাৰ ৰদৰ জিলমিল পোহৰত আঘোণৰ পথাৰৰ সোণোলী ধান বোৰ জিলিকিছে ।

খেতিয়কৰ মনত অলেখ সপোনৰ হেন্দোলনি ।
আৰু পকা ধানৰ গোন্ধত মতলীয়া হৈ পৰিছে দাৱনী কেইজনিৰ মন।।

খেতিয়ক সকলৰ মন আনন্দত আত্মহাৰা হোৱাৰ সময়তো হৈছে এয়া।
কাৰণ.........
এয়া যে আঘোনী যৌৱনমতী হোৱাৰ সময়।।

Assamese poem

আঘোণ মাহৰ সেমেকা ৰাতিপোৱা টোপ টোপ নিয়ৰৰ টোপাল
শিতল বতাহ জাকে যেন দেহ মন জোৰ পেলাই যায়।

পোৱাৰ ৰদ ছাটি যেন উলাব খুজিও উলাব পৰা নাই
ৰদ ছাটিক বাট ভেঁটি আমনি কৰিছে আঘোণৰ কুঁৱলিয়ে।

কুঁৱলি নথকা হ'লে জিলিকিল হেঁতেন পোৱাৰ সোকোমল ৰদ ছাটি দেখিলো হেঁতেন আমি পূব আকাশৰ ৰঙা বেলিটি ।।

Assamese love shayari poem তুমিয়োটো মোৰ জীৱনৰ

তুমিয়োটো মোৰ জীৱনৰ সমগ্ৰ সত্তা মোৰ সুখ, মোৰ অভিমান, মোৰ সপোন, আশা এই সকলো বোৰ।।

তোমাক মোৰ জীৱনৰ প্ৰতিটো ক্ষণতে কাষত ৰাখিব বিচাৰো।
তোমাৰ অবিহনে মোৰ জীৱন আধৰুৱা।।।

Assamese love poem ফাগুন ফাগুন লগা সময় খিনিত

ফাগুন ফাগুন লগা সময় খিনিত
তোমালৈ বৰকৈ মনত পৰিছে।

পছোৱা বতাহ জাকে যেন মোৰ মনটো উৰুৱাই নি
কোনোবা খিনি পোৱাইছেগৈ।

মনটো অশান্ত হৈ পৰিছে তোমাক কাষত বিচাৰি।

মন গৈছে যেন ফাগুনি চিলা হৈ উৰি যাম বহুত দূৰণিলৈ
বিলিন হৈ পৰিম যেন আকাশত গৈ।।।

Assamese heart broken poemহাঁহি বোৰ হেৰাই গলে

হাঁহি বোৰ হেৰাই গলে
চকোৰ পানী বোৰ আপোন হৈ পৰে।।

কেতিয়াবা সপোন বোৰেই দিঠক যেন লাগে আৰু কেতিয়াবা দিঠক বোৰ সপোন যেন।।

বুকুখন কোনোবা খিনিত বিষাই যায়
কিছুমান কথাই কন্দুয়াই যায়।

আজিকালি ক্রমে হেৰাই গৈছে সুখ বোৰ আপোন হৈ পৰিছে চকুপানী।।

Assamese love poem কেতিয়াবা কব খোজা

কেতিয়াবা কব খোজা
কথাবোৰ কাৰোবাক কব নোৱাৰি।
ভয়,লাজ,সংকুচে হেঁচি ধৰেহি
সেই মূহুৰ্ত্তটোত।।

অথচ প্ৰকাশৰ বাট বিচাৰি হাহাকাৰ কৰে হৃদয়ৰ ভাষাই।

কেতিয়াবা এক অনামী সুখত
হৃদয়ে নাচি উঠে।
কেতিয়াবা আপোন দুখত
নিৰৱে উচুপে হৃদয়ে ।।

এয়াই প্ৰেম, এক শিহৰণ,
এক মিঠা অনুভৱ,
যি অনুভৱে দেহৰ
কোনে কোনে বিয়পাই তুলে এক সুখানুভুতি।।।

Monday, December 23, 2019

Assamese shayari জোনাক নিশাৰ তৰা ভৰা

জোনাক নিশাৰ তৰা ভৰা
আকাশ খন দেখিলে তোমালৈ
মোৰ বৰকৈ মনত পৰে।।

তোমাৰ ছবি খন ভাহি
মোৰ কল্পনাৰ মানসপটত।।

কিন্তু ক্ষন্তেকতে মোৰ এই
কল্পনাৰ আকাশত
কলিয়া ডাৱৰে ছানি ধৰে
তোমাক কাষত নোপোৱাৰ বেদনাত।।।
🧡🧡🧡

Assamese poem কৃষ্ণচূড়াৰ তলত By Niharika Saikia

কৃষ্ণচূড়াৰ তলত 
তোমাৰ কোমল উঠৰ
চোমাৰ পৰশত মোৰ মন আজি উনমনা।।

কৃষ্ণচূড়াৰ  ফুলৰ দৰে
আমাৰ আজি মৰম বোৰ সেন্দুৰীয়া হৈ পৰিছে ।।

আৰু ইয়াৰ চিৰিলি চিৰিলি
পাটৰ দৰে মোৰ মন আজি
উৰিব ধৰিছে তোমাৰ মৰমৰ সুবাসত ।।।

Assames poem নৈ পাৰৰ কঁহুৱা ডৰা By Niharika Saikia

নৈ পাৰৰ কঁহুৱা ডৰা
বতাহত হালিছে-জালিছে।।

দূৰণিৰ অস্তগামী বেলিটো
নৈখনত ৰঙাকৈ বিয়পিছে ।।

পানীৰ ঢৌ বোৰ উপচি পৰিছে
নৈখনৰ ইপাৰে-সিপাৰে।।

আৰু আকাশৰ নীলা খিনিয়ে
আবৰি ধৰিছে মোৰ
 গাভৰু মন।।❤

Love Assamese poemশৰতৰ আগমনত শেৱালিৰ by Niharika Saikia

শৰতৰ আগমনত শেৱালিৰ
দেহ মনত জগাই তোলে
এক ভালপোৱাৰ শিহৰণ ।।

শৰতে যেন শেৱালি জুপিলৈ
লৈ আহে এবুকু মৰম ভালপোৱা।।

আৰু শেৱালি জুপি
তাইটো লাজুক লাজুক কৈ এটি মিঠা হাঁহি মাৰি
 প্ৰেমিক শৰত অহালৈ
  বাট চাই ৰয় ।।

শেৱালিয়েও বুকুত সাঁচি ৰাখে
অলেখ সপোন আৰু মৰমৰ এটি চুমা।।।❤❤

Assamese poem আহিবা চোন এবাৰ by Niharika Saikia

আহিবা চোন এবাৰ মোৰ
কৃষ্ণচূড়াৰ দেশলৈ
তোমাৰ আগমনত মোৰ কৃষ্ণচূড়া কেইজোপাই প্ৰাণ পাই উঠিব।।

আৰু জিলিকিব মোৰ
হৃদয়ৰ ভাস্কয্য নগৰি
তোমাৰ মৰমৰ সুবাসত।।

কৃষ্ণচূড়া দেশৰ
  নীলা চৰাই জনী হৈ
ৰৈ আছো মই
তোমাৰেই অপেক্ষাত 
পাৰ কৰিছো মই তুমাৰেই ভাৱনাত প্ৰতিটো ক্ষণ,
পল-অনুপল।

তোমাৰ বাবে হৃদয়ত সাঁচি ৰাখিছো অলেখ সপোন
আৰু মৰম ভালপোৱা।।

আহি যাবাচোন এবাৰ মোৰ কৃষ্ণচূড়াৰ দেশলৈ।।❤❤

কৰ পৰা জানো আহি By Niharika Saikia

কৰ পৰা জানো আহি
    মলয়া বতাহ জাকে
মোৰ দেহ মন চুই গলহি।।

হঠাত তুমি তুমি লগা
    এক মিঠা শিহৰণে কঁপাই
তুলিলে মোৰ হৃদয়।।

বতাহ জাকে যেন
 মোক দি যায় তোমাৰে বতৰা।

বনৰ হৰিণী দৰে By Niharika Saikia

বনৰ হৰিণী দৰে
      প্ৰাণ চঞ্চলা মন মোৰ 
দুচকোত প্ৰেমৰ সজলতা ।।

হৃদয়ত তোমাৰ নামতে
         এপাহি গোলাপ ফুলিছে
সজতনে ৰখাছো মই
               তোমালৈ  বুলি ।।।

হৃদয়ৰ কেনভাচত তোমাৰ ছবি By Niharika Saikia

হৃদয়ৰ কেনভাচত তোমাৰ ছবি
লানি লানি কৃষ্ণচূড়াৰে সজাইছো
মোৰ হৃদয়ৰ পদুলিটো।   

ৰঙা ৰঙা কৃষ্ণচূড়াৰ
কুমলীয়া পাহী
তাতেই পৰিছেহি তোমাৰ মৰমৰ কোমল পৰশ।।

তোমাৰ মৰমৰ সুবাসত
প্ৰান পায় উঠিছে মোৰ
 হৃদয়ৰ কৃষ্ণচূড়া।।।

মোৰ মন আজি ফাগুনি By Niharika Saikia

মোৰ মন আজি ফাগুনি চিলাৰ দৰে উৰিব ধৰিছে
শওনতো কিয় জানো
ফাগুন ফাগুন লাগিছে ।।

বাৰে বাৰে মোৰ মনটো
উৰা মাৰিছে কোনোবা
অচিনা দেশলৈ ।।

বুকুখন কঁপিছে সঘনে
তোমাক কাষত পাবলৈ
মনত বহুতো হেপাহ জাগৃছে।।।

তোমাৰ ভাল লগা বোৰ By Niharika Saikia

তোমাৰ ভাল লগা বোৰ
  মোৰো ভাল লগা হৈ পৰিছে

তোমাৰ উঠৰ হাঁহি আৰু
তোমাৰ নীলা দুচকোত
মই মোৰ সুখ বোৰ বিচাৰি পাওঁ ।

তোমাৰ সৈতে প্ৰতিদিনে মোৰ দেখা নহয়।
তথাপিও তুমি মোৰ হৃদয়ত আছা
তোমাৰ সৈতে কথাও পাতিব নোৱাৰো মই
তথাপিও তুমি মোৰ উসাহত আছা।।

মোৰ দুদিনীয়া জীৱনটো By Niharika saikia

মোৰ দুদিনীয়া জীৱনটো তোমাৰ সৈতে আগবাঢ়িব বিচাৰো ❤
আৰু তুমিয়োটো বিচাৰা মোৰ হাতত হাত ধৰি আগবাঢ়িবলৈ
মোৰ সাহস হৈ জীৱনৰ
মোৰ দিঠক হৈ সপোনৰ
আৰু তুমিয়েটো শিকাইছা মোক সপোন দেখিবলৈ 💛💛